danewsplus.com
danewsplus.com

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নৱজাতক কক্ষত অগ্নিকাণ্ড

0 128

ডিজিটেল ডেস্ক: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বিশেষ নৱজাতক কক্ষত শুকুৰবাৰে পুৱা ৯:৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়ত ভৰ্তি হোৱা ১৪ টা নৱজাতকক চিকিৎসালয়ৰ নাৰ্চ আৰু অন্যান্য কৰ্মচাৰীসকলে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। শ্বৰ্ট চাৰ্কিট অথবা পেলনীয়া আৱৰ্জনাত জুই লগাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
সূত্ৰ অনুসৰি ঘটনাস্থলীত উপস্থিত নাৰ্চসকলে এখন খিৰিকী ভাঙি নৱজাতকসকলক স্থানান্তৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান নৱজাতককেইটা সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোকক গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে

Leave A Reply

Your email address will not be published.