danewsplus.com
danewsplus.com

ক’ৰ পৰা আহিছিল কোটি কোটি টকা! ৰৌনাক আলী হাজৰিকাক পুনৰ কাৰাগাৰত জেৰা

0 339

নিতৌ পোহৰলৈ আহিছে নিলম্বিত ডি আই জি ৰৌনাক আলী হাজৰিকাৰ কু কৃৰ্তি ৷ শেহতীয়াকৈ ৰৌনাক আলী হাজৰিকাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ তুলি চি এম ভিজিলেন্সৰ শৰণাপন্ন হল এহাল দম্পত্তি ৷ লগতে কাৰাগাৰতে পুনৰ জেৰা চলালে ৰৌনাকক ৷

কাৰগাৰেই ঠিকনা!
কাৰাগাৰত পুনৰ জেৰা ৰৌনাক আলী হাজৰিকাক
অগাধ সম্পত্তিৰ উৎস সন্দৰ্ভত বহু কথা লুকুৱাইছে হাজৰিকাই
মাটি ক্ৰয় কৰি গৰাকীক দিয়া নাছিল ধন

নিলম্বিত ডি আই জি ৰৌনাক আলী হাজৰিকাক বিপদে লগ এৰা নাই ৷ আয় বৰ্হিভুত সম্পত্তিৰ গোচৰত চি এম ভিজিলিন্সে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ আন এক বিপদে লগ দিছে হাজৰিকাক ৷ সেই অনুসৰি তালুকদাৰ উপাধিৰ এই দম্পত্তিৰ পৰা বহুদিন পূৰ্বে ক্ৰয় কৰিছিল এডোখৰ মাটি ৷ মাটিখিনি 19 লাখ টকাত ক্ৰয় কৰাৰ বন্দোবস্তি কৰিছিল ৰৌনাক আলী হাজৰিকাই ৷ কিন্তু সেই ধনৰাশিৰ বহু অংশ আদায় নিদিলে দম্পত্তিহালক ৷ সেই ধন বিচাৰি গলে ভাবুকি প্ৰদান কৰিছিল ৰৌনাকে ৷

উল্লেখ্য যে চি এম ভিজিলেন্সৰ গোচৰত জামিন নাকচ হোৱা ৰৌনাক আলী হাজৰিকাক কাৰাগাৰতে পুনৰ জেৰা চলালে তদন্তকাৰী বিষয়াই ৷ প্ৰায় চাৰিঘন্টা জুৰি চলোৱা জেৰাত বহু তথ্য পাইছে চি এম ভিজিলেন্সে ৷

নিলম্বিত ডি আই জি ৰৌনাক আলী হাজৰিকাৰ সম্পত্তিৰ উৎসক লৈ চলায় থকা তদন্তই এক বিশেষ গতি লৈছে ৷ শীঘ্ৰেই পোহৰলৈ আহিব ৰৌনাকৰ সম্পত্তিৰ গোপন উৎস

Leave A Reply

Your email address will not be published.