danewsplus.com
danewsplus.com

এছেজ শৃংখলাৰ পূৰ্বে অষ্ট্ৰেলিয়া ক্ৰিকেটত অথন্তৰ! অধিনায়ক পদৰ পৰা কিয় বিদায় লবলৈ বাধ্য হ’ল টিম পেইন?

0 639

ডিজিটেল ডেস্ক: বিশ্বৰ অগ্ৰণী ক্ৰিকেটাৰ টিম পেইনৰ যৌন কেলেংকাৰিক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব৷ এই কেলেংকাৰিৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে অষ্ট্ৰেলিয়া দলৰ অধিনায়কৰ পদ ত্যাগ কৰিছে পেইনে৷ এছেজ শৃংখলাৰ পূৰ্বে টিম পেইনৰ অধিনায়ক পদ এৰাৰ বাতৰিয়ে ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷


এছেজ শৃংখলাৰ পূৰ্বে অষ্ট্ৰেলিয়া ক্ৰিকেটত অথন্তৰ
যৌন কেলেংকাৰিৰ অভিযোগ অধিনায়ক টিম পেইনৰ বিৰুদ্ধে
অভিযোগৰ পিছতে অধিনায়ক পদ ত্যাগ পেইনৰ
সতীৰ্থ মহিলা কৰ্মীলৈ যৌনগন্ধী বাৰ্তা প্ৰেৰণ কৰিছিল পেইনে

অহা ৮ ডিচেম্বৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই অংশ ল’ব গুৰুত্বপূৰ্ণ এছেজ শৃংখলাত৷ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই অষ্ট্ৰেলিয়ান ক্ৰিকেটত লাগিছে হাহাকাৰ৷ অধিনায়ক টিম পেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন কেলেংকাৰিৰ অভিযোগ৷ ক্ৰিকেট টাছমেনিয়াৰ এগৰাকী মহিলা কৰ্মীলৈ পেইনে প্ৰেৰণ কৰিছিল যৌনগন্ধী বাৰ্তা৷

পেইনে অশালীন বাৰ্তাৰে উত্যুক্ত কৰিছিল মহিলাগৰাকীক
মহিলা কৰ্মীগৰাকীলৈ প্ৰেৰণ কৰিছিল নিজৰ নগ্ন ফটো
২০১৭ চনৰ এই ঘটনা পোহৰলৈ আহিছে সম্প্ৰতি
অশ্ৰুসিক্ত নয়নেৰে সংবাদমেলত ক্ষমা বিচাৰিলে টিম পেইনে

আৱেগিক টিম পেইনে নিজৰ কৰ্মৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰি সকলোৰে ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচাৰে৷ তেওঁ স্বীকাৰ কৰি কয় যে ২০১৭ চনত প্ৰাক্তন মহিলা সতীৰ্থ কৰ্মীগৰাকীৰ সৈতে যৌনগন্ধী বাৰ্তালাপত তেওঁ লিপ্ত হৈছিল৷ চাৰিবছৰ পূৰ্বৰ সেই ঘটনা সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতেই বিবুধিত পৰে টিম পেইন৷ ৩৬ বছৰীয়া ক্ৰিকেটাৰজনে এখন সংবাদমেলত কয় যে ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত কৰি ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ক’ড অব কণ্ডাক্ট তেওঁ ভংগ কৰা নাই বুলি ক্ৰিকেট অষ্ট্ৰেলিয়া পতিয়ন গৈছে৷ কিন্তু মোৰ কাৰ্যই অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ মৰ্যাদা ৰক্ষা কৰা নাই বুলি ভাবি মই দলৰ অধিনায়ক পদ ত্যাগ কৰিছোঁ বুলি তেওঁ উল্লেখ কৰে৷

টিম অষ্ট্ৰেলিয়াৰ হৈ উইকেটৰক্ষক ৰূপে খেলি যাব পেইনে
পেইনৰ স্থানত দলৰ নতুন অধিনায়ক হ’ব পেট কামিনছ
বিগত ৬৫ বছৰত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ অধিনায়ক পদত এজন বলাৰ

১৮ দিনৰ পিছতে ব্ৰিছবেনৰ গাব্বাত আৰম্ভ হ’বলগীয়া এছেজ শৃংখলাৰ প্ৰথমখন টেষ্টৰ পূৰ্বে পেইনৰ এই ঘটনাই স্বাভাৱিকতে ক্ৰিকেট বিশ্বত তুমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ২০১৯ চনত দুয়োখন দেশৰ শৃংখলা ২-২ ব্যৱধানত অমীমাংসিত হৈ ৰৈছিল৷ পেইনৰ কাৰ্যৰ কি প্ৰভাৱ আগন্তুক এছেজ শৃংখলাত পৰে সেয়া হ’ব লক্ষণীয় ৷

Leave A Reply

Your email address will not be published.