danewsplus.com
danewsplus.com

কৃষকৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ ওচৰত সেও মানিলে কেন্দ্ৰই, বাতিল কৰিলে তিনি বিতৰ্কিত কৃষি আইন

0 132

ডিজিটেল ডেস্কঃ কৃষকৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ ওচৰত সেও মানিলে কেন্দ্ৰই৷ অৱশেষত বাতিল কৰিলে তিনি বিতৰ্কিত কৃষি আইন৷ আজি জাতিৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ কয় যে চৰকাৰৰ উদ্দেশ্য সৎ আছিল৷ কিন্তু কৃষি আইনৰ সুফলৰ কথা কিছু কৃষকক তেওঁলোকে বুজাব নোৱাৰিলে৷

৫ দশক জোৰা ৰাজহুৱা জীৱনত কৃষকৰ দুখ-কষ্ট ওচৰৰ পৰা দেখিছো বুলি উল্লেখ কৰি মোদীয়ে কয় যে এতিয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়৷ সকলো নতুনকৈ আৰম্ভ কৰাৰ সময় এতিয়া৷ গুৰুনানকৰ আৰ্বিভাৱ তিথি উপলক্ষে নিজৰ ভাষণত শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে৷ ক্ষুদ্ৰ কৃষকসকলৰ সমস্যাৰ কথাও তেওঁ উল্লেখ কৰে৷ বিতৰ্কিত কৃষি আইনকেইখন সংসদত গৃহীত হৈছিল ২০২০ চনত৷ এই আইন গৃহীত হোৱাৰ পিছতে কৃষকৰ প্ৰতিবাদে উত্তাল কৰি তোলে দেশ ৷

যোৱা ২১ জানুৱাৰীত এই আইন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালেয়৷ কৃষকৰ ক্ষোভৰ বিষয়ে অনুসন্ধান কৰাৰ বাবে গঠন কৰি দিয়া হয় বিশেষ কমিটী৷ আৰু অৱশেষত আজি এই আইন বাতিলৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে৷ বিতৰ্কিত কৃষি আইনকেইখন বাতিলৰ আঁৰত মোদী চৰকাৰৰ ৰাজনৈতিক হিচাপ-নিকাচৰ ছাঁ দেখিছে পৰ্যবেক্ষকসকলে৷ কাৰণ, দিল্লীৰ উপকণ্ঠত অৱস্থান কৰা কৃষকসকলৰ সৰহসংখ্যকেই পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ৷ অহা বছৰৰ আৰম্ভণিতেই এই দুই ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ এই ভোটৰ প্ৰতি লক্ষ্য ৰাখিয়েই হঠাৎ কেন্দ্ৰই কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰিছে ৰাজনৈতিক ভাষ্যকাৰসকলে ৷

Leave A Reply

Your email address will not be published.