danewsplus.com
danewsplus.com

বিৰাট কোহলিয়ে এৰিব নেকি এদিনীয়াৰ অধিনায়কৰ দায়িত্ব!

0 561

ডিজিটেল ডেস্কঃ T-20ৰ পিছত টীম ইণ্ডিয়াৰ এদিনীয়াত অধিনায়ক ৰূপে আগন্তুক দিনত হয়তো দেখা নাযাব বিৰাট কোহলিক৷ বেটিঙত অধিক মনোনিৱেশ কৰোৱাৰ স্বাৰ্থত কোহলিক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ বিচিচিআয়ে চিন্তা-চৰ্চা কৰিছে৷ অচিৰেই এই সন্দৰ্ভত সিদ্ধান্ত ল’ব বিচিচিআয়ে৷ ইফালে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়েও এদিনীয়া টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে বিচাৰিছে ৰোহিত শৰ্মাক৷


বিৰাট কোহলিয়ে এৰিব এদিনীয়াৰ অধিনায়কৰ দায়িত্ব!
BCCI-য়েও বিচাৰিছে কোহলিক দায়িত্বৰ পৰা আঁতৰাবলৈ
বেটিঙত অধিক মনোনিৱেশ কৰাবলৈ কোহলিক দায়িত্বৰ পৰা আঁতৰোৱাৰ চিন্তা-চৰ্চা
ৰাহুল দ্ৰাবিড়ে বিচাৰিছে ৰোহিত শৰ্মা বা কে এল ৰাহুলক
দ্ৰাবিড়ে দায়িত্ব লৈছে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ

অচিৰেই টীম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়কৰ দায়িত্ব এৰিব বিৰাট কোহলিয়ে৷ ইতিমধ্যে T-20 বিশ্বকাপৰ পিছতে T-20 দলৰ অধিনায়কৰ দায়িত্ব এৰিছে কোহলিয়ে৷ টীম ইণ্ডিয়াৰ অধিনায়কজনে এদিনীয়া আৰু টেষ্টত বেটিঙত অধিক মনোনিৱেশ কৰাৰ বাবে T-20 দলৰ অধিনায়কৰ দায়িত্ব এৰিম বুলি সদৰী কৰিছিল৷ অৱশ্যে ভাৰতীয় ক্ৰিকেট কনট্ৰ’ল ব’ৰ্ডে বিচাৰিছে কোহলিয়ে এদিনীয়া দলৰ দায়িত্বৰ পৰাও আঁতৰি অহাটো৷ বিচিআইৰ সূত্ৰই জনোৱা মতে সীমিত অভাৰৰ খেলত কোহলিয়ে অধিক মনোনিৱেশ কৰক আৰু তেওঁৰ দমনীয় ফৰ্মৰ মাজলৈ ঘূৰি আহক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১১ জানুৱাৰীৰ পৰা হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাৰ পূৰ্বেই বিচিচিআয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷

এদিনীয়া দলৰ দায়িত্ব পাব পাৰে ৰোহিত শৰ্মাই
কে এল ৰাহুল হ’ব পাৰে উপ-অধিনায়ক
নতুন মুখ্য প্ৰশিক্ষকৰ গেম প্লেনত ৰোহিত-ৰাহুল

নিউজীলেণ্ড বিৰুদ্ধে ৩খনীয়া T-20 আৰু দুখনীয়া টেষ্ট শৃংখলাৰ বাবে জিৰণি দিয়া হৈছে বিৰাট কোহলিক৷ T-20 দলৰ অধিনায়কত্ব ৰোহিত শৰ্মাই কৰাৰ বিপৰীতে প্ৰথমখন টেষ্টত অধিনায়কৰ দায়িত্ব চম্ভালিব পূৰ্বৰ উপ-অধিনায়ক আজিংকা ৰাহানেই৷ ইতিমধ্যেই ৰানৰ দুৰ্ভিক্ষত ভোগা ৰাহানেই কোহলি আৰু ৰোহিত শৰ্মাৰ অৱৰ্তমানত টীম ইণ্ডিয়াৰ দায়িত্ব কিদৰে চম্ভালে সেয়া হ’ব লক্ষ্যণীয়৷

ইফালে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত পোৱা ৰাহুল দ্ৰাবিড়ে ইতিমধ্যেই এদিনীয়া দলৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰত ৰোহিত শৰ্মা তেওঁৰ প্ৰথম পছন্দ বুলি উল্লেখ কৰিছে৷ আৰু কে এল ৰাহুলক এইক্ষেত্ৰত দ্বিতীয় স্থানত ৰখা বুলিও তেওঁ মন্তব্য কৰিছে৷ তেওঁক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বাবে দ্ৰাবিড়ে বিচিআয়ক ধন্যবাদ জ্ঞাপন কৰিছে৷ দ্ৰাবিড়ৰ মতে ৰবি শাস্ত্ৰীয়ে গঢ়ি যোৱা দলটোক তেওঁ অধিক সবলভাৱে পৰিচালিত কৰিব বিচাৰে৷

Leave A Reply

Your email address will not be published.