danewsplus.com
danewsplus.com

আজি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন, ৫০ বছৰত ভৰি দিলে শিল্পীগৰাকীয়ে

0 148

ডিজিটেল ডেক্সঃ ৫০ বছৰত ভৰি দিলে জুবিন গাৰ্গে৷ কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীয়ে উদযাপন কৰিলে জুবিনৰ জন্মদিন৷ প্ৰিয় শিল্পীগৰাকীক শুভেচ্ছা জনাবলৈ ভিৰ কৰিলে অসংখ্য অনুৰাগীয়ে। মাজনিশা কে’ক কাটি শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনালে অনুৰাগীসকলে৷ গুণগুণালে জুবিন গাৰ্গৰ গীতৰ কলি৷ প্ৰিয় শিল্পীগৰাকীক কাষত পাই আত্মহাৰা হৈ পৰিল সকলো৷ ৰাজ্যজুৰি ব্যতিক্ৰমীভাৱে শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰিছে গুণমুগ্ধই।

আনুষ্ঠানিকভাৱে অনামিকা এলবামৰ জৰিয়তে সংগীতৰ জয়যাত্ৰা আৰম্ভ কৰা শিল্পীগৰাকীলৈ Da News Plus ৰ তৰফৰ পৰাও থাকিল জন্মদিনৰ অলেখ শুভকামনা। শেহতীয়াকৈ নতুন বছৰত তিনিখন অসমীয়া ছবি মুক্তি দিয়াৰ কথা জনাইছে জুবিন গাৰ্গে৷ বৰ্তমান বলীউডৰ ৩টা গীত প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে শিল্পীগৰাকী।

Leave A Reply

Your email address will not be published.