danewsplus.com
danewsplus.com

নগাঁৱৰ এগৰাকী যুৱতীয়ে চেলেং চাদৰত অংকন কৰিলে অসমৰ লগতে ২৮খন ৰাজ্যৰ প্ৰতীক চিহ্ন

0 370

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ বিৰহ বেবেজিয়াৰ বিবি দেৱী আৰু ভোলা ৰাম নাথৰ কণিষ্ঠ কন্যা জ্যোতিকা দেৱীয়ে অসমীয়াৰ গৌৰৱ তথা স্বাভিমান চেলেং চাদৰত অংকন কৰিলে ভাৰতৰ ২৮খন ৰাজ্যৰ প্ৰতীক চিহ্নৰ লগতে জাতীয় সংগীত। এমাহ জোৰা প্ৰচেষ্টা আৰু পিতৃ মাতৃৰ সহায়ত জ্যোতিকাই চেলেং চাদৰত অংকন কৰি উলিয়ালে এক সুন্দৰ ছবি। মেডিকেল পাঠ্যক্ৰমত স্থান লাভ কৰিও দিনে ৮/৯ ঘণ্টাকৈ অংকন কৰিছিল জ্যোতিকাই।

ভৱিষ্যত প্ৰজন্মই নিজ ৰাজ্যৰ লগতে আন ৰাজ্যৰ কলা সংস্কৃতি জনাৰ উদ্দেশ্যৰে জ্যোতিকাই অংকন কৰিলে ৰাজ্য কেইখনৰ প্ৰতীক চিহ্ন। অংকন কৰা ছবি খন যাতে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীয়ে কলাক্ষেত্ৰত সংৰক্ষণ কৰে তাৰ বাবে অনুৰোধ জনাইছে জ্যোতিকাৰ লগতে পিতৃ মাতৃয়ে।

Leave A Reply

Your email address will not be published.