danewsplus.com
danewsplus.com

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ স্মৃতিত চৰকাৰে নিৰ্মাণ কৰিব গ্ৰাম্য ষ্টেডিয়াম

0 406

ডিজিটেল ডেস্ক: বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা বাক্সা জিলাৰ বৰমাৰ থেকেৰাকুচি কাহিবাৰী গাৱঁৰ অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হয়। তেওঁ শ্বহীদ গৰাকীৰ  গৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে।

স্থানীয় লোকসকলৰ অনুৰোধ অনুসৰি, মুখ্যমন্ত্ৰীয়ে পি.ডব্লিউ.ডি বিভাগক গাওঁখনৰ পথ নিৰ্মাণৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ কয়। উক্ত পথটো শ্বহীদ গৰাকীৰ নামেৰে নামাকৰণ কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে শ্বহীদজনে অধ্যয়ন কৰা
হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই শ্বহীদ জোৱানজনৰ পৰিয়ালৰ সৈতেও বাৰ্তালাপ কৰে আৰু তেওঁলোকক গভীৰ সমবেদনা জ্ঞাপন কৰে। শ্বহীদগৰাকীৰ মহান বলিদানৰ সন্মান স্বৰূপে তেওঁ পৰিয়ালটোক ৫০ লাখ টকাৰ চেকপ্ৰদান কৰে।মুখ্যমন্ত্ৰীৰ লগতে হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক আৰু মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব  জয়ন্ত মাল্লা বৰুৱা, বিধায়ক ভূপেন বড়ো, লৰেন্স ইছলাৰী আৰু জিৰন বসুমতাৰীও উপস্থিত আছিল

Leave A Reply

Your email address will not be published.