danewsplus.com
danewsplus.com

ভাৰতত ৰাষ্ট্ৰসংঘৰ আৱাসিক সমম্বয়ক হিচাপে নিযুক্তি শ্বম্বি শ্বাৰ্পক

0 105

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটৰেছে আয়োজক চৰকাৰৰ অনুমোদনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বম্বি শ্বাৰ্পক ভাৰতত ৰাষ্ট্ৰসংঘৰ আৱাসিক সমম্বয় হিচাপে নিযুক্তি দিছে। গুটৰেছে উল্লেখ কৰিছে যে “শ্বাৰ্পে তেওঁৰ কেৰিয়াৰৰ ২৫ বছৰতকৈও অধিক সময় আন্তজাৰ্তিক ভাৱে সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ প্ৰচাৰৰ বাবে সমৰ্পিত কৰিছে , যাৰ ফলত তেওঁ ৰাষ্ট্ৰসংঘত আৰু বাহ্যিকভাৱে এই নতুন স্থিতিলৈ অভিজ্ঞতা অৰ্জন কৰিছে”।

ৰাষ্ট্ৰসংঘৰ কেইবাটাও নেতৃত্বৰ পদত অধিষ্ঠিত হয় শ্বাৰ্প। শেহতীয়াকৈ আমেনিয়াত ৰাষ্ট্ৰসংঘৰ আৱাসিক সমম্বয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বাৰ্পে। ৰাষ্ট্ৰসংঘত যোগদান কৰাৰ আগতে, শ্বাৰ্পে জিম্বাবোৱেত আন্তৰ্জাতিক অলাভজনক কেয়াৰ ইন্টাৰনেচনেলৰ বিকাশৰ সৈতে কৰ্মজীৱন আৰম্ভ কৰিছল। তেওঁ স্বাস্থ্য অৰ্থনীতিৰ কামৰ এজন প্ৰকাশিত লেখক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক উন্নয়ন সংস্থা ‘পলিচি চেম্পিয়ন’ আৰু লগতে ইউ এন ডিপি প্ৰশাসকৰ বাবে মনোনীত ব্যক্তি আছিল।

Leave A Reply

Your email address will not be published.