danewsplus.com
danewsplus.com

পুনিথ ৰাজকুমাৰলৈ আগবঢ়োৱা হ’ব ‘কৰ্ণাটক ৰত্ন বঁটা’

0 511

ডিজিটেল ডেস্ক : প্ৰয়াত জনপ্ৰিয় অভিনেতা পুনিথ ৰাজকুমাৰলৈ আগবঢ়োৱা হ’ব ‘কৰ্ণাটক ৰত্ন বঁটা’। এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বসৱৰাজ বুম্মাই।

উল্লেখনীয় যে, ‘কৰ্ণাটক ৰত্ন বঁটা’ হৈছে ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, ‘পাৱাৰ ষ্টাৰ’ হিচাপে খ্যাত পুনিথ ৰাজকুমাৰলৈ এই সন্মান মৰণোত্তৰ ভাৱে আগবঢ়োৱা হ’ব।

১৬ নৱেম্বৰত বেংগালুৰুৰ পেলেচ গ্ৰাউণ্ডত অভিনেতা জনৰ কৰ্মৰাজি তথা তেওঁ কানাড়া চিনেমা জগতলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ৰাজ্য চৰকাৰে এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰে।

যোৱা ২৯ অক্টোবৰত পুনিথ ৰাজকুমাৰে হৃদৰোগত আক্ৰান্ত হৈ ৪৬ বছৰ বয়সতে মৃত্যুক সাৱটিছিল।

Leave A Reply

Your email address will not be published.