danewsplus.com
danewsplus.com

অনলাইনযোগে শিশুক যৌন নিৰ্যাতন: CBI ৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

0 270

ডিজিটেল ডেস্কঃ “The Central Bureau of Investigation” (CBI) এ আজি ভাৰতৰ ১৪খন ৰাজ্যৰ মুঠ ৭৬টা অঞ্চলত এক তদন্ত চলাই আৰু সেই তদন্তত পোহৰলৈ আহিছে কিছু ভয়ংকৰ তথ্য। অন্ধ্ৰপ্ৰদেশ, দিল্লী, UP, পঞ্জাৱ,উৰিষ্যা,তামিলনাডু, ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, চট্টিশগড়, মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশত CBI এ চলাইছিল এই তদন্ত য’ত প্ৰকাশ পাইছে অনলাইন মাধ্যমেৰে শিশুক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ তথ্য।


১৪নৱেম্বৰতো CBI এ শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৮৩জন অভিযুক্তক তদন্তৰ আওতালৈ আনিছিল আৰু এই বছৰৰ জানুৱাৰী মাহটো তেওঁলোকে চছিয়েল মিডিয়াৰ যোগেদি চাইল্ড পৰ্ণ’গ্ৰাফী বিক্ৰী কৰা দুই অভিযুক্ত ক্ৰমে নীৰাজ কুমাৰ যাদৱ আৰু কুলজীত সিং মাকানক তদন্তৰ আওতালৈ আনিছিল।
ইয়াৰ পিছতেই আজি পুনৰ পোহৰলৈ আহিছে ভাৰতৰ ১৪খন ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা শিশু যৌন নিৰ্যাতনৰ ঘটনা।

Leave A Reply

Your email address will not be published.