danewsplus.com
danewsplus.com

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হ’ব ভি ভি এছ লক্ষ্মণ

0 149

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হ’ব ভি ভি এছ লক্ষ্মণ ৷ BCCI-এ এই পদৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ একালৰ তাৰকা বেটছমেন ভি ভি এছ লক্ষ্মণে ৷

অহা মাহৰ মাজভাগত লক্ষ্মণে এই দায়িত্ব গ্ৰহণ কৰাৰ কথা ৷ বেংগালুৰুস্থিত একাডেমীখনৰ মুৰব্বী পদ ত্যাগ কৰি ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ গ্ৰহণ কৰাত খালী হৈ পৰে এই পদটো ৷

লক্ষ্মণে বৰ্তমান ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে ৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ দায়িত্ব গ্ৰহণৰ বাবে এই পদ তেঁও ত্যাগ কৰিব বুলি ইতিমধ্যে দলৰ কৰ্ম-কৰ্তাসকলক জনাইছে ৷

Leave A Reply

Your email address will not be published.