danewsplus.com
danewsplus.com

খেলপথাৰলৈ দৌৰি অহা ১১ বছৰীয়া অনুৰাগীক ক্ৰিশ্চিয়ানো ৰোনাল্ডোৱে দিলে জাৰ্চি উপহাৰ, কিন্তু কিয়?

0 165

ডিজিটেল ডেক্সঃ ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰ্তুগালৰ বিশ্বকাপ কোৱালিফায়াৰ খেলৰ সময়ত তাৰকা খেলুৱৈগৰাকীয়ে ১১ বছৰীয়া অনুৰাগী এডিচন ৱালেনক নিজৰ জাৰ্ছি উপহাৰ দিছিল। যদিও আয়াৰলেণ্ডৰ বিৰূদ্ধে পৰ্তুগালৰ অমিমাংসিত খেলে অনুৰাগী সকলক হতাশ কৰি তুলিছিল, ৰোনাল্ডোক আলিংগন কৰিবলৈ খেলপথাৰলৈ দৌৰি অহা এজনি সৰু ছোৱালীক তেওঁৰ জাৰ্চি উপহাৰ দিয়াত অনলাইনত সকলো অনুৰাগীৰে হৃদয় জয় কৰিছিল।

কিশোৰীগৰাকীয়ে কৈছিল, “পিটছত দৌৰাৰ বাবে মোক জৰিমনা বিহা হৈছিল। মোৰ দেউতাই এইটো পৰিশোধ কৰিব।” লগতে তাইৰ দেউতাক আনন্দিত হ’ব যদি কোনোৱে এই জৰিমনা পৰিশোধ কৰিবলৈ আগবাঢ়ি আহে। অৱশেষত FAI ৰ Media & Football Relations Director কেথাল ডাৰ্ভানে কয়,”আমি এডিছনক আশ্বস্ত কৰিব বিচাৰো যে পিটছত দৌৰাৰ বাবে আৰু ৰোনাল্ডোৰ জাৰ্ছি বিচৰাৰবাবে কিশোৰীগৰাকীয়ে কোনো জৰিমনাৰ সন্মুখীন হ’ব নালাগে।” অৱশ্যে, সংগঠনটোৱে অনুৰাগী সকলক ভৱিষ্যতে খেলপথা অনধিকাৰ প্ৰৱেশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.