danewsplus.com
danewsplus.com

বিৰাট কোহলিয়ে এৰিব নেকি এদিনীয়া ক্ৰিকেটৰো অধিনায়কত্ব? কিহৰ ইংগিত ৰবি শাস্ত্ৰীৰ?

0 387

ডিজিটেল ডেক্সঃ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে এটা নতুন যুগক আদৰণি জনাবলৈ সাজু হৈছে টিম ইণ্ডিয়া। শাস্ত্ৰীৰ প্ৰশিক্ষণত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ মাটিত দুবাৰকৈ টেষ্ট শৃংখলা জয়কে ধৰি অসংখ্য ষ্মৰণীয় জয়ৰ ৰেকৰ্ড গঢ়ি তুলিছিল। শাস্ত্ৰীৰ সৈতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ এক সু-সম্পৰ্কয়ো টিম ইণ্ডিয়াৰ উত্থানত অৰিহণা যোগাইছিল।

শেষতীয়াকৈ টি-২০ ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কৰা কোহলিয়ে এদিনীয়া আৰু টেষ্ট দলৰো নেতৃত্ব এৰিব নেকি? এই প্ৰশ্ন চৰ্চিত হৈ থকাৰ মাজতেই ৰবি শাস্ত্ৰীয়েও কোহলিয়ে অধিনায়কৰ পদ ত্যাগ কৰিব পাৰে বুলি ইংগিত দি বক্তব্য প্ৰদান কৰিছে। ইতিমধ্যে বেটিংত অধিক মনোনিবেশ কৰিবৰ বাবে কোহলিয়ে অধিনায়কত্ব এৰিব লাগে বুলিও প্ৰাক্তন ক্ৰিকেটাৰ জনে পৰামৰ্শ দিছে।

Leave A Reply

Your email address will not be published.