danewsplus.com
danewsplus.com

সোঁফালে টিউমাৰ থকা ৰোগীৰ পেট কাটিলে বাওঁফালে

0 198

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ ভুল চিকিৎসাৰ বলি হ’ল ৰোগী। সোঁফালে আছিল টিউমাৰ কিন্তু চিকিৎসকে পেট কাটিলে বাওঁফালে। এই কাণ্ড সংঘটিত হৈছে ধেমাজিৰ চিলাপথাৰস্থিত এম্ আৰ ডি নাৰ্ছিং হোমত । টিউমাৰৰ চিকিৎসাৰ বাবে যোৱা ৰোগী এতিয়া চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত আছে।

এই ঘটনাৰ পিছতে চিলাপথাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে ৰাইজে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি চিকিৎসালয়খনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। ইতিমধ্যে ৰোগীৰ আত্মীয়ই সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীৰ আগত সদৰি কৰি এজাহাৰ দাখিল কৰিছে।

Leave A Reply

Your email address will not be published.