danewsplus.com
danewsplus.com

বিবাহপাশত আৱদ্ধ হ’ল শান্তিৰ ন’বেল জয়ী মালালা ইউছুফজাই

0 338

ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ’ল শান্তিৰ ন’বেল জয়ী মালালা ইউছুফজাই ৷ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্টুপীয়াকৈ বিয়াত বহিল মালালা ৷ স্বামী অছৰ মালিক পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়া ৷ অছৰৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলাৰ খবৰ টুইটযোগে জনালে ন’বেল জয়ী মালালাই ৷

প্ৰত্যাহ্বানপূৰ্ণ জীৱন যুঁজৰ বাবে আন্তৰ্জাতিক মহলত পৰিচিতি লাভ কৰিছিল পাকিস্তানৰ জীয়ৰী মালালাই ৷ কৈশোৰ কালতে স্ত্ৰী-শিক্ষাৰ ওপৰত সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা মালালা সন্মুখীন হৈছিল সন্ত্ৰাসবাদীৰ ভাবুকিৰ ৷ সেইসময়ত ১৬ বছৰীয়া মালালাই সন্ত্ৰাসবাদীৰ ৰঙা চকুক কেৰেপ নকৰি সমাজসেৱাত আগুৱাই গৈছিল ৷

ৰাষ্ট্ৰসংঘৰ মজিয়াত শিক্ষাৰ অধিকাৰত লিংগ বৈষম্যৰ বিৰোধিতা কৰি দিছিল উদাত্ত ভাষণ ৷ সমাজসেৱা, স্ত্ৰী-শিক্ষাৰ হকে কাম কৰি মালালাক ২০১৪ প্ৰদান কৰা হৈছিল শান্তিৰ ন’বেল বঁটা৷ সেইগৰাকী মালালাই এতিয়া টুইটাৰত সকলোৰে সমুখলৈ আহি দিলে বিয়াৰ খবৰ ৷ অনাড়ম্বৰভাবে বিয়াত বহা ২৪ বছৰীয়া মালালাই দাম্পত্য জীৱনত সকলোৰে আশীষ বিচাৰি কৰিলে টুইট ৷

Leave A Reply

Your email address will not be published.