danewsplus.com
danewsplus.com

গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে ৪খন অত্যাধুনিক যাত্ৰীবাহী ফেৰীৰ৷

0 338

ডিজিটেল ডেস্কঃ মহানগৰীত ৪খন নতুন ফেৰীৰ ফ্লেগ-অফ্ মুখ্যমন্ত্ৰীৰ।পাণ্ডুত ফ্লেগ-অফ্ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধন কৰিলে এম ভি মেঘনা, এম ভি সুদৰ্শন, এম ভি পদ্মা এন ভি ইন্দ্ৰ নামৰ ফেৰীকেইখন।
এই ফেৰীত যাব পাৰিব ৫০খন দুচকীয়া বাহন আৰু ১০০ যাত্ৰী। পাণ্ডুৰ পৰা উমানন্দলৈ ফেৰী সেৱাও উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰম্ভ হ’ল উমানন্দলৈ ফেৰী সেৱাৰ ই-টিকটৰ ব্যৱস্থা।

নতুন যাত্ৰীবাহী ফেৰী উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক’লে, ‘আমি ১০খন নতুন ফেৰী নিৰ্মাণ কৰি আছিলো, ফেৰীকেইখন বিশ্ববেংকৰ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে, সোমবাৰে উদ্বোধন কৰা দুখন ফেৰী পঠিয়াই দিয়া হ’ব মাজুলীলৈ। ব্ৰহ্মপুত্ৰত কম পানী থাকিলেও চলিব পাৰিব এই ফেৰী’।

মাজুলীত এতিয়া মুঠ ফেৰীৰ সংখ্যা হ’ল ১০খন । মাজুলীত ৰাসৰ বাবে বিশেষ ব্যৱস্থাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মাজুলীলৈ ১৫টা ৰাউণ্ড ট্ৰীপৰ ব্যৱস্থা থাকিব ৰাসৰ দিনকেইটাত ।মাজুলীৰ নাৱত চৰকাৰী খৰচত মেৰাইন ইঞ্জিন লগোৱাৰ ব্যৱস্থা কৰিব। ‘৫খন নাৱত মেৰাইন ইঞ্জিন লগোৱাৰ কাম চলি আছে’। ৰাসৰ পূৰ্বে এই নাওকেইখন সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
সোমবাৰে উদ্বোধন কৰা আন দুখন জাহাজ থাকিব গুৱাহাটীত। এখন গুৱাহাটী-উত্তৰ গুৱাহাটীত, আনখন গুৱাহাটী-উমানন্দত

Leave A Reply

Your email address will not be published.