danewsplus.com
danewsplus.com

কাৰ আশাত পৰিল চেঁচাপানী? এবছৰলৈ নহয় মন্ত্ৰীসভাৰ সম্প্ৰাসাৰণ

0 922

ডিজিটেল ডেস্কঃ

এবছৰলৈ নহয় মন্ত্ৰীসভাৰ সম্প্ৰাসাৰণ
মুখ্যমন্ত্ৰীয়ে কাৰ আশাত ঢালিলে চেঁচাপানী?

মন্ত্ৰী হ’ম বুলি আশা পালি আছিল মিত্ৰজোঁটৰ বহুকেইজন বিধায়কে৷ তালিকাতও দীঘলীয়া আছিল৷ যদিও খালী পদ ৫টাহে আছিল, প্ৰত্যাশী আছিল দহকৰ ঘৰত৷ প্ৰথমেই শুনক কি ক’লে মুখ্যমন্ত্ৰীয়ে৷
ইংগিত স্পষ্ট
অচিৰেই সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভা

কিয় ৫টা মন্ত্ৰীপদ খালী থকা অৱস্থাতো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ভবা নাই মুখ্যমন্ত্ৰীয়ে?
বিদ্ৰোহৰ শংকা?
নে
খৰচ নিয়ন্ত্ৰণৰ কৌশল?
মুখ্যমন্ত্ৰীৰ কৌশল যিয়েই নহওঁক কিন্তু মুখ্যমন্ত্ৰীৰ এই স্থিতিয়ে আশাত চেঁচাপানী ঢালিলে বহু মন্ত্ৰিত্বপ্ৰত্যাশী বিধায়কৰ৷ মন্ত্ৰিত্ব লাভৰ আশাৰে মুখ্যমন্ত্ৰীৰ সোঁৱে-বাঁৱে ঘূৰি থাকিও কপাল ফুলাব নোৱাৰিলে এইসকল বিধায়কে৷
চেঁচাপানী পৰিল ২ মিত্ৰদলৰ বিধায়কৰ আশাত
মন্ত্ৰী হ’ম হ’ম বুলি বাট চায়েই ৰ’ল মিত্ৰদলৰ ৪ বিধায়ক

শাসকীয় মিত্ৰদল UPPL আৰু অসম গণ পৰিষদ দলে আৰু এজনকৈ মন্ত্ৰীৰ দাবী কৰিছিল৷ দাবী মতে মিমাংসাও হৈছিল মুখ্যমন্ত্ৰীৰ সৈতে৷ যাৰ বাবে মন্ত্ৰীৰ আশাৰে বিধায়ক হৈ বহি আছিল UPPLৰ ২ বিধায়ক৷
গোবিন্দ বসুমতাৰী আৰু লৰেন্স ইছলাৰী
BTR পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী আছিল UPPLৰ মন্ত্ৰিত্বৰ মুখ্য দাবীদাৰ৷ পৰিষদৰ ডেপুটী CEM হৈয়ো মন্ত্ৰিত্বৰ আশাত নিৰ্বাচন খেলি দিছপুৰলৈ আহিছিল গোবিন্দ বসুমতাৰী৷ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ সময়তে মন্ত্ৰী হ’ম বুলি সাজু হৈছিল গোবিন্দ৷ কিন্তু নাই নাপালে সুযোগ৷ ইয়াৰ বিপৰীতে কোকৰাঝাৰ পূবৰ বিধায়ক লৰেন্স ইছলাৰীয়েও আজিপৰ্যন্ত দলীয়ভাৱে দাবী কৰি আহিছে মন্ত্ৰিত্বক লৈ৷ একেই দশা অসম গণ পৰিষদৰো৷ দলটোৰ মন্ত্ৰিত্বৰ দাবীদাৰ আছিল
ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ফণী ভূষণ চৌধুৰী
আনকি এবাৰ মন্ত্ৰিত্ব পালে পৰৱৰ্তী সময়ত নিৰ্বাচন নেখেলাৰো কথা দিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ পিছে সকলো আশাত মুখ্যমন্ত্ৰীয়ে ঢালিলে পানী৷

Leave A Reply

Your email address will not be published.