danewsplus.com
danewsplus.com

এটা ছুইচাইড নোটে বিপদ মাতিলে তেজপুৰৰ লাটমণ্ডলৰ

0 294

ডিজিটেল সংবাদ, তেজপুৰঃ প্ৰৱঞ্চনাৰ বলি হৈ আত্মহত্যা কৰা ভুক্তভোগীৰ ছুচাইড নোটে বিপদ মাতিলে তেজপুৰৰ এজন লাটমণ্ডলৰ৷ লাটমণ্ডলৰ প্ৰৱঞ্চনাৰ বলি হৈ আত্মহত্যা কৰিছিল তেজপুৰৰ মুঢ়াতেতেলীৰ ভৱেন তামুলী নামৰ লোকজনে৷ ভবেন তামুলীয়ে শোণিতপুৰৰ জিলা উপায়ুক্তলৈ ছুচাইড নোট লিখি কৰিছিল আত্মহত্যা৷ এই ছুচাইড নোটত তামুলীয়ে তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল পৰাগ বৰাৰ প্ৰৱঞ্চনাৰ বলি হোৱাৰ কথাও উল্লেখ কৰিছিল৷

ভবেন তামুলীৰ বিস্ফোৰক ছুইচাইড নোটৰ ভিত্তিতে বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লাটমণ্ডল পৰাগ বৰাক৷ পিছে কেৱল পৰাগ বৰাই নহয় ছুচাইড নোটত তামুলীয়ে লিখি গৈছে তদানীন্তন চক্ৰ বিষয়া আৰু অন্য এগৰাকী লোকৰ নামো৷

এই প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীক আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ৰাইজে৷ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা দালালৰাজ নিঃশেষ কৰিবলৈ উদ্যোগ লোৱাৰ সময়তে ভবেন তামুলীৰ ছুইচাইড নোটে ফাদিল কৰিলে কিদৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাই চলি আছে দালালিৰ সাম্ৰাজ্য৷

Leave A Reply

Your email address will not be published.