danewsplus.com
danewsplus.com

পুনৰ প্ৰাণ পাই উঠিছে ৰাজ্যৰ চহকী সংস্কৃতি-পৰম্পৰা, তেজপুৰৰ ভূপেন হাজৰিকা কলা ভুমিত মঞ্চস্থ ‘ধুমুহা’

0 386

ডিজিটেল সংবাদ তেজপুৰঃ পুনৰ প্ৰাণ পাই উঠিছে ৰাজ্যৰ সংস্কৃতি-পৰম্পৰা ৷ ক’ভিড পৰিস্থিতিয়ে কিছু জটিলতাৰ সৃষ্টি কৰাৰ পিছত অৱশেষত মঞ্চস্থ হৈছে থিয়েটাৰ, নাটক, ভাওনা ইত্যাদি ৷ মঙলবাৰে নিশা সাংস্কৃতিক নগৰী তেজপুৰলৈ যেন উভতি আহিল নাটকৰ পৰিবেশ ৷

ভূপেন হাজৰিকা কলা ভুমিত মঞ্চস্থ হল নটসূৰ্য ফণি শৰ্মা বঁটা প্ৰাপক ঐচৰ্য্য কাকতিৰ ৰচিত পৰিচালিত নাটক ‘ধুমুহা’৷ প্ৰবীন অভিনেতা অৰুণ নাথকে ধৰি ভালে কেইগৰাকী শিল্পীৰ মন পৰশা অভিনয়ত প্ৰাণ পাই উঠিল ভূপেন হাজৰিকা কলা ভূমি ৷

অভিনেতা নিপন গোস্বামী, পুলক গগৈ, নয়ন প্ৰসাদ, সিদ্ধাৰ্থ শৰ্মা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত ৷ শোনিতপুৰৰ উপায়ুক্ত ভুপেশ চন্দ্ৰ দাসে পৰিৱেশন কৰা লোকগীতে উপস্থিত সংস্কৃতিপ্ৰেমীক মোহাচ্ছন্ন কৰে ৷

Leave A Reply

Your email address will not be published.