danewsplus.com
danewsplus.com

গোলাঘাটত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ

0 132

ডিজিটেল ডেস্কঃ কেতিয়াও হাতীৰ জাকে প্ৰৱেশ নকৰা গোলাঘাটৰ এটা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতীৰ আক্ৰমণত মৃত্যু ঘটিল এজন লোকৰ ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ ঢেকীয়াল অঞ্চলত। বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মঙলবাৰে দিনৰভাগত চলালে সন্ত্ৰাস ৷

ঢেকীয়ালৰ মলখুকুৰিত হাতীৰ আক্ৰমণত নিহত হ’ল তৰুণ তামুলী নামৰ এজন বৃদ্ধ ৷ ঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাতে হাতীৰ জাকটোৰ মুখামুখি হয় তেওঁ ৷ হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱালে লোকজনে ৷ হাতীৰ এই জাকটোৱে এতিয়া বিচৰণ কৰি আছে ঢেকীয়াল তিনিআলি আৰু বৰগুৰি অঞ্চলৰ মাজৰ ধাননি আৰু কাঠনিত৷ কেতিয়াও এনে ঘটনাৰ মুখামুখি নোহোৱা এই বৃহত্তৰ অঞ্চলটোৰ লোকসকল এতিয়া আতংকিত হৈ পৰিছে ৷

বন ধ্বংস আৰু অন্যান্য কাৰণত হাতী–মানুহৰ সংঘাতে কেনে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে এয়া যেন তাৰেই উদাহৰণ ৷ বন বিভাগৰ লোকে হাতীৰ জাকটোৰ গতি-বিধি লক্ষ্য কৰি থকা বুলি জানিব পৰা গৈছে ৷ হাতীৰ এই জাকটো নুমলীগড়ৰ পৰা ফালৰি কাটি অহা বুলি সন্দেহ কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.