danewsplus.com
danewsplus.com

পদব্ৰজে লাডাখ যাত্ৰা সামৰি স্ব-ভূমিত উপস্থিত পলাশবাৰীৰ অঞ্জলি দাস

0 139

ডিজিটেল ডেস্কঃ পদব্ৰজে লাডাখ যাত্ৰা সামৰি স্ব-ৰাজ্যত উপস্থিত পলাশবাৰীৰ আমৰাংগাৰ অঞ্জলি দাস। ২ মাহ ১৬ দিন পদযাত্ৰা কৰি সুদূৰ কাশ্মীৰৰ খাৰডোংলাত উপস্থিত হৈ অভিলেখ সৃষ্টি কৰিলে অঞ্জলি দাসে। দুঃসাহসীক কাম কৰি ভাল পোৱা দক্ষিণ কামৰূপৰ অঞ্জলি দাসে তেঁওৰ সপোন বাস্তৱায়িত কৰিবলৈ যোৱা ১৩ আগষ্টত পলাশবাৰীৰ আমৰাংগাৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল সুদুৰ লাডাখলৈ।

ৰ’দ, বতাহ, বৰষুণক নেওচি ২ মাহ ১৬ দিন পিছত যোৱা ২৯ অক্টোবৰত উপস্থিত হৈছিল গৈ ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডোংলাত। সৰুৰে পৰা দুঃসাহসীক কাৰ্য তথা খেল-ধেমালি কৰি ভাল পোৱা অঞ্জলি দাসে ‘Mission fit India let’s make India fit’ এই বাক্য শাৰীৰ গুৰুত্ব মূলত দেশবাসীক বুজাবলৈ আৰম্ভ কৰিছিল এই যাত্ৰা। উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ প্ৰথম গৰাকী মহিলা যিয়ে ২৭৯৭ কিলোমিটাৰ খোজ কাঢ়ি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

অৱশেষত মঙ্গলবাৰে স্ব-ভূমিত উপস্থিত হয় অঞ্জলি দাস। বৰঝাৰ বিমান বন্দৰত আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল সংগঠনে আদৰণি জনায়। এই পদ যাত্ৰাত বিভিন্ন সময়ত ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোকে ধন্যবাদ জনালে অঞ্জলি দাসে।

Leave A Reply

Your email address will not be published.