danewsplus.com
danewsplus.com

অভিশপ্ত ৩০ অক্টোবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্ত ধাৰাবাহিক বোমা বিস্ফোৰণৰ নিহতক স্মৰণ

0 124

ডিজিটেল ডেস্কঃ অভিশপ্ত ৩০ অক্টোবৰ৷ ইতিহাসৰ এটা ক’লা অধ্যায়৷ ২০০৮ চনত আজিৰ দিনটোতেই ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য৷ শিশুকে ধৰি বয়্যোজ্যেষ্ঠজনলৈ প্ৰায় ৪০জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই বিস্ফোৰণত৷

এই ভয়াৱহ স্মৃতিয়ে আজিও ভুক্তভোগীৰ পৰিয়ালৰ লগতে প্ৰতিগৰাকী মানৱদৰদী লোকৰ মনত শোকৰ সৃষ্টি কৰে৷ আহত হৈছিল ৪০০ৰো অধিক লোকে৷ শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা হৈছে বোমা বিস্ফোৰণত প্ৰাণ বিসৰ্জন দিয়াসকলক৷

ইফালে, কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে গণেশগুৰি উৰণীয়া সেতুৰ তলত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা আৰু উপায়ুক্ত বিশ্বিজৎ পেগু৷

Leave A Reply

Your email address will not be published.