danewsplus.com
danewsplus.com

গুৱাহাটীত ডিচেম্বৰৰ অন্তিম সপ্তাহৰ পৰা আৰম্ভ হ’ব গ্ৰন্থোৎসৱ

0 172

ডিজিটেল ডেস্ক : দুৰ্গোৎসৱ গ’ল
উপ নিৰ্বাচনো যাব
এইবাৰ গ্ৰন্থোৎসৱৰ বতৰা
গুৱাহাটীত ডিচেম্বৰৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ’ব গ্ৰন্থোৎসৱ

হয়, গুৱাহাটীৰ গ্ৰন্থমেলাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দুখনকৈ গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ’ব৷

চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত যুতিয়াভাবে অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷

ইতিমধ্যে ইয়াৰ বাবে প্ৰাথমিক আলোচনাত মিলিত হৈছে উত্তৰ পূৱ গ্ৰন্থমেলা আৰু অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা সমিতি৷ আনুমানিক দিনো ধাৰ্য কৰিছে গ্ৰন্থমেলা আয়োজনৰ বাবে৷

২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব পাৰে গ্ৰন্থমেলা
নতুন নামেৰে এইবাৰ গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷ এইবাৰৰ গ্ৰন্থমেলাৰ নাম হ’ব

অসম গ্ৰন্থমেলা
১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা৷
আনুমানিক বাজেট ধাৰ্য্য কৰা হৈছে প্ৰায় ৬০ লাখ টকা
অংশ গ্ৰহণ কৰিব প্ৰায় ১৭০খন বিপনীয়ে

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৩৪ বছৰ গৰকিছে আৰু উত্তৰ পূৱ গ্ৰন্থমেলাই এইবৰ্ষত ১৮ বৰ্ষত ভৰি দিব৷ ক’ৰোনা কেন্দ্ৰীক পৰিবেশৰ বাবে ৰাজ্য চৰকাৰে দুয়োখন গ্ৰন্থমেলা সমিতিক যুতিয়াভাবে গ্ৰন্থোৎসৱ উদযাপনৰ পৰামৰ্শ দিছে যদিও অহা বছৰৰ পৰা পুনৰ সুকীয়া সুকীয়াকৈ অনুষ্ঠিত কৰিব দুয়োখন গ্ৰন্থমেলা। আশা কৰা হৈছে যুতিয়াভাবে অনুষ্ঠিত হ’ব লগা এই অসম গ্ৰন্থমেলাত গ্ৰন্থানুৰাগী লোকে বিচাৰি পাব নিজৰ পচন্দৰ গ্ৰন্থ৷

Leave A Reply

Your email address will not be published.