danewsplus.com
danewsplus.com

নিজকে ৰাজ হাজৰিকা বুলি পৰিচয় দি ৰফিউলে প্ৰৱঞ্চনা কৰিলে হিন্দু যুৱতীক

0 218

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত লাভ জেহাদৰ বলি এগৰাকী যুৱতী৷ ৰাজ হাজৰিকা ওৰফে ৰাজীৱ হাজৰিকাৰ নাম লৈ ৰফিউল হুছেইন নামৰ যুৱকজনে বিয়া কৰাইছিল যুৱতীগৰাকীক৷ শিৱসাগৰৰ জাপিসজীয়াৰ এইগৰাকী ছদ্মৱেশী ৰাজ হাজৰিকা নামৰ ব্যক্তিৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি ২০১৭ চনত বিয়াত বহিছিল ভুক্তভোগী যুৱতীগৰাকী৷ কিন্তু বিয়াৰ ৩ মাহ সম্পূৰ্ণ নহওতেই ছদ্মৱেশী ৰাজীৱ হাজৰিকাৰ প্ৰকৃত পৰিচয় লাভ কৰে যুৱতীগৰাকীয়ে৷

তাৰ পিছতে আৰম্ভ হয় দুয়োৰে মাজত কন্দল৷ এতিয়া ৰফিউল হুছেইনৰ প্ৰতি প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। অভিযোগ অনুসৰি সম্প্ৰতি ৰফিউলে নাথাকে যুৱতীগৰাকীৰ সৈতে। পূৰ্বেও ৪ গৰাকীকৈ পত্নী থকা ৰফিউলে বৰ্তমান বাস কৰে পূৰ্বৰ পত্নীৰ সৈতে।

কোনো ধৰণৰ ভৰণ-পোষণৰ দায়িত্ব পালন নকৰা ৰাজ ওৰফে ৰফিউল হুছেইনৰ বিৰুদ্ধে শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ তুলি অৱশেষত আৰক্ষীৰ সহায় বিচাৰিলে ভুক্তভোগী যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সহযোগত শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

Leave A Reply

Your email address will not be published.