danewsplus.com
danewsplus.com

ওদালগুৰিত ৫০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১০ বছৰীয়া কিশোৰী

0 234

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিত সংঘটিত মানৱতাক ভুলুণ্ঠিত কৰা ঘটনা৷ ৫০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী ১০ বছৰীয়া কিশোৰী৷ পানেৰী থানাৰ অন্তৰ্গত কঁচুবিল বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ মাত্ৰ ২০ টকাৰ লালসা দেখুৱাই দীপক মাহাতো নামৰ লম্পটটোৱে ধৰ্ষণ কৰে কণমানিজনীক৷

সোমবাৰে সংঘটিত হোৱা ঘটনাটো গাপ দি ৰাখিছিল দীপক মাহাতোই৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰোৱাত ওলাই পৰে দীপক মাহাতোৰ কুকাণ্ড৷ পানেৰী আঞ্চলিক আছাৰ সহযোগত পানেৰী আৰক্ষীয়ে দীপক মাহাতোক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত৷ এই নিৰ্লজ্জ ঘটনা সংঘটিত কৰা লম্পট দীপকক কঠোৰতম শাস্তি প্ৰদানৰ দাবী পানেৰীৰ স্থানীয় ৰাইজৰ৷

Leave A Reply

Your email address will not be published.