danewsplus.com
danewsplus.com

বুধবাৰে আৰিয়ান খানৰ জামিন আৱেদনৰ শুনানি

0 400

ডিজিটেল ডেস্কঃ মুম্বাই ড্ৰাগছকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ আজি বম্বে উচ্চ ন্যায়ালয়ত জামিন আৱেদনৰ শুনানি ৷ দুপৰীয়া ২.৩০ বজাত জামিনৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৷ মঙলবাৰৰ জামিনৰ শুনানি বুধবাৰলৈ স্থগিত ৰাখে ন্যায়ালয়ে ৷ ইফালে, আৰিয়ানৰ জামিন আৱেদনৰ পূৰ্বে আদালতত জ্যেষ্ঠ অধিবক্তা তথা দেশৰ প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহটগিয়ে আৰিয়ান খানৰ জামিনৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰে ৷

আৰিয়ান খানৰ পৰা কোনো নিচাযুক্ত ঔষধ উদ্ধাৰ হোৱা নাই বুলি যুক্তি দিয়ে অধিবক্তাগৰাকীয়ে৷ মেডিকেল পৰীক্ষাতো মাদকদ্ৰব্য আৰিয়ানে সেৱন কৰা বুলি প্ৰমাণিত হোৱা নাই ৷ ইফালে আদালতত NCBয়ে দাবী কৰে আৰিয়ানৰ সৈতে আন্তৰ্জাতিক মাদক দ্ৰব্যৰ বেহাৰ সৈতে পূজা দাদলানিও জড়িত থকাৰ তথ্য লাভ কৰিছে ৷ উপযুক্ত তদন্তৰ জৰিয়তে এই সংক্ৰান্তত আৰু অধিক প্ৰমাণ সংগ্ৰহৰ বাবে NCBক প্ৰয়োজন হ’ব কিছু সময়ৰ ৷

Leave A Reply

Your email address will not be published.