danewsplus.com
danewsplus.com

ব্ৰহ্মপুত্ৰইদি অসমৰ পৰা মহাসাগৰ সংযোগৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

0 333

ডিজিটেল ডেস্কঃ ব্ৰহ্মপুত্ৰত পুনৰ চলাচল কৰিব জাহাজ। ডিব্ৰুগড় মোহনাঘাটৰ পৰা সাগৰ-মহাসাগৰ সংযোগৰ লক্ষ্য। ডিব্ৰুগড়ত কাৰ্গো আৰু পেছেঞ্জাৰ বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত ঘোষণা কেন্দ্ৰীয় জাহাজ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ।

বগীবিলৰ সম্ভাবনাময় নদী পৰ্যটনস্থলীত সোণোৱালে উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। লগত থাকে ৰে’লৱে, প’ৰ্ট শ্বিপিং, ইনলেণ্ড ৱাটাৰৰ বিষয়া। বিশেষ আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

বিশ্বৰ মানচিত্ৰত সোমাব মোহনাঘাটৰ ৰিভাৰ প’ৰ্ট। স্থানীয় উৎপাদিত সামগ্ৰী বিশ্বৰ বজাৰলৈ নিয়াৰ আশা। ভাৰত-বাংলাদেশ চুক্তিৰ জৰিয়তে সামগ্ৰী নিব বিশ্বৰ বজাৰলৈ।ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ কাষত হ’ব মাল্টিমডেল লজিষ্টিক পাৰ্কপাণ্ডু, যোগীঘোপা আৰু ধুবুৰীত হ’ব লজিষ্টিক পাৰ্ক। ব্ৰহ্মপুত্ৰত নদী পৰ্যটন উন্নত কৰাৰ লক্ষ্য সৰ্বানন্দ সোণোৱালৰ।

Leave A Reply

Your email address will not be published.