danewsplus.com
danewsplus.com

ডুবাই ইণ্টাৰনেছলেন ষ্টেডিয়ামৰ সন্মুখত উৰিল ভাৰত-পাকিস্তানৰ পতাকা

0 483

ডিজিটেল ডেস্কঃ দেওবাৰে টি-২০ বিশ্বকাপত চিৰপ্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তানৰ যুঁজ ৷ দুবছৰৰ মূৰত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব দুয়োটা দল ৷ সন্ধিয়া ৭.৩০ বজাত ডুবাইত সমুখ সমৰত নামিব ভাৰত-পাকিস্তান ৷

খেলখনক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে ৰুদ্ধশ্বাস উত্তেজনা ৷ ডুবাই ইণ্টাৰনেছলেন ষ্টেডিয়ামৰ সন্মুখত ভাৰত-পাকিস্তানৰ অনুৰাগীয়ে উৰুৱালে দুয়োদেশৰ পতাকা ৷ ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট অনুৰাগী সুধীৰ কুমাৰ চৌধুৰীয়ে সতীৰ্থৰ সৈতে আজি অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামৰ সন্মুখত পুৱাই ভাৰতীয় পতাকা উৰুৱাই ৷

পূৰ্বৰ অভিলেখলৈ চাই দেওবাৰৰ মেচত ভাৰতেই ফেভাৰিট। পূৰ্বৰ দৰেই পাকিস্তানক কোহলি বাহিনীয়ে পৰাস্ত কৰাটো কামনা কৰিছে দেশৰ সকলো ক্ৰিকেটপ্ৰেমীয়ে৷

Leave A Reply

Your email address will not be published.