danewsplus.com
danewsplus.com

ধাৰাষাৰ বৰষুণৰ ফলত দুৰ্যোগ অব্যাহত কেৰালাত

0 138

ডিজিটেল ডেস্কঃ ধাৰাষাৰ বৰষুণে দুৰ্যোগৰ সৃষ্টি কৰিছে কেৰালাত৷ বানত বুৰ গৈছে কেইবাখনো জিলাৰ বহু অঞ্চল৷ ঠায়ে ঠায়ে ঘটিছে ভয়ংকৰ ভূমিস্খলন৷ বানে উটাই নিছে ঘৰ, যান-বাহন৷ বৰ্তমান পৰ্যন্ত এই বান-খহনীয়াত ২৫জন লোকৰ মৃত্যু ঘটিছে৷ বিশেষকৈ কোট্টায়াম আৰু ইডুক্কি জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

SDRF আৰু NDRFৰ লগতে উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে সেনা বাহিনী৷ ইফালে ইয়াৰ লগতে বতৰ বিজ্ঞান বিভাগে ২০ অক্টোবৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে৷

Leave A Reply

Your email address will not be published.