danewsplus.com
danewsplus.com

চতুৰ্থবাৰৰ বাবে IPLৰ খিতাপ দখল CSKৰ

0 636

ডিজিটেল ডেক্সঃ চতুৰ্থবাৰৰ বাবে IPLৰ খিতাপ দখল কৰিলে চেন্নাই ছুপাৰ কিংছে৷ ডুবাইত নিশা অনুষ্ঠিত চতুৰ্দশ IPLৰ চূড়ান্ত মেচত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে ২৭ ৰানত৷ প্ৰথমে বেটিং কৰি CSK-ই ফাফ-ডু-প্লেছিৰ ৮৬ ৰানৰ সহায়ত ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ১৯২ ৰান সংগ্ৰহ কৰে৷

প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে শুভমন গীল আৰু ভেংকটেশ আয়াৰৰ অৰ্ধশতকৰ সহায়ত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৬৫ ৰান কৰিবলৈহে সক্ষম হয়৷ ফাফ-ডু-প্লেছিয়ে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৰ্ষল পেটেলে লাভ কৰে প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান৷

Leave A Reply

Your email address will not be published.