danewsplus.com
danewsplus.com

IPLৰ ফাইনেলত প্ৰৱেশ চেন্নাই ছুপাৰ কিংছৰ

0 412

ডিজিটেল ডেস্কঃ আই.পি.এল ৰ ফাইনেলত প্ৰৱেশ ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ৷ নিশা ডুবাইত অনুষ্ঠিত প্ৰথমখন প্লে-অফ মেচত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হ’ল দিল্লী কেপিটেলছ৷ মেচখনত প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে পৃথ্বী শ্ব’ আৰু অধিনায়ক ঋষভ পণ্টৰ অৰ্ধশতকৰ সহায়ত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰে৷

প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ চেন্নাইৰ ঋতুৰাজ গায়কোৱাড়ে ৭০ আৰু ৰবীন উত্থাপাই ৬৩ ৰান সংগ্ৰহ কৰে৷ এই জয়েৰে চেন্নাই ছুপাৰ কিংছে IPLৰ ফাইনেলত প্ৰৱেশ কৰিলে৷

Leave A Reply

Your email address will not be published.