danewsplus.com
danewsplus.com

ডিমা হাচাওত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন

0 492

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন উপস্থিত হ’ল ডিমা হাচাওত। জিলা খনৰ লংকুস্থিত লৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পুজনেৰে আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইয়াৰোপৰি অসম মালা আঁচনিৰ অধীনত জিলাখনৰ হাফলং তিনি আলিৰ পৰা গুণজুং লৈকে দুই লাইনযুক্ত ঘাইপথৰো আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ডিমা হাচাওত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সংগ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দুই পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী সদস্য দ্বয় ক্ৰমে দেবলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাঙে।

২২ শ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰকল্পটো। লগতে প্ৰকল্পটোৰ পৰা ১২০ মেগাৱাট বিদ্যুৎ উৎপাদান কৰা হ’ব। উল্লেখ্য যে, ডিমা হাচাও জিলাৰ উমৰাংছ জলবিদ্যুৎ প্ৰকল্পৰ পাছত এয়া জিলাখনৰ দ্বিতীয়টো বৃহৎ জলবিদ্যুৎ প্ৰকল্প।

Leave A Reply

Your email address will not be published.