danewsplus.com
danewsplus.com

এটা জৰাজীৰ্ণ পথক লৈ পৰিষদৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ গঁঞা ৰাইজৰ

0 465

ডিজিটেল ডেস্কঃ বকলীয়াঘাট চূনপোৰা বিহাৰী গাঁৱৰ এটা সদাব্যস্ত পথক লৈ ক্ষোভত ফাটি পৰিছে গঁঞা ৰাইজ ৷ ৪ খন গাঁৱৰ যোগাযোগৰ মাধ্যম গাঁৱলীয়া পথটোৰ জৰাজীৰ্ণ অৱস্থাই কেবা বছৰ ধৰি ৰাইজক যমৰ যাতনা দি আহিছে ৷ অৱশেষত কোনোমতে স্বায়ত্ব পৰিষদৰ কৃপাদৃষ্টিত পথটো মেৰামতিৰ বাবে দহ লাখ টকা আবন্টন হৈছিল ৷ পৰৱৰ্তী সময়ত উক্ত পথটো জৱ কাৰ্ডৰ অধিনত মেৰামতিৰ ব্যৱস্থা কৰিছিল লাংছমেপী খণ্ড উন্নয়নে ৷ লক্ষণীয় ভাৱে মাত্ৰ দহ ট্ৰেক্টৰ ৰাবিচ পেলাই পথটোৰ কাম সামৰা হৈছিল ৷ ফলত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কোনো যান বাহন চলাচল কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

সেয়ে গঞা ৰাইজ এতিয়া ক্ষোভত ফাটি পৰিছে ৷ পথটো সুন্দৰকৈ মেৰামতি নকৰিলে আগন্তুক পৰিষদীয় নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে ৷ এই ক্ষেত্ৰত স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যৱাহী তুলিৰাম ৰংহাং আৰু হাওৰাঘাট পৰিষদীয় সমষ্টিৰ কাৰ্যৱাহী সদস্য খনছিং ৰংপীৰ হস্তক্ষেপ কামনা কৰিছে গঞা ৰাইজে ৷

Leave A Reply

Your email address will not be published.