danewsplus.com
danewsplus.com

আপোনাৰ চকুৰ এলাৰ্জি আছে নেকি? তেন্তে এই নিয়ম কেইটা মানি চলক

0 548

ডিজিটেল ডেস্কঃ আপোনাৰ যদি চকুৰ এলাৰ্জি আছে তেন্তে তলত দিয়া নিয়ম কেইটা মানি চলক-

১. ঘনাই চকু মোহাৰি থকাৰ অভ্যাস পৰিহাৰ কৰক। কাৰণ ঘনাই চকু মোহাৰি থাকিলে বীজাণুৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে।

২. একে খন ৰুমাল বা গামোচা নিজে ব্যৱহাৰ কৰাৰ উপৰিও আনক ব্যৱহাৰ কৰিবলৈ দিয়াৰ অভ্যাস থাকিলে পৰিহাৰ কৰক। লগতে আনে ব্যৱহাৰ কৰা গামোচা বা ৰুমাল নিজে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

৩. চকুত এলাৰ্জিৰ সমস্যা থাকিলে মেকআপ বা প্ৰসাধন ব্যৱহাৰৰ পৰা বিৰত থাকক।

৪. অতিপাত ৰ’দত খালী চকুৰ পৰিৱৰ্তে উপযুক্ত ছানগ্লাছ ব্যৱহাৰ কৰক। চকুৰ কোনো সমস্যাই দেখা দিলে ততাকৈয়াকৈ চকু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

Leave A Reply

Your email address will not be published.