danewsplus.com
danewsplus.com

বিশ্বকৰ্মা পূজাৰ দিনাই ক্ষেত্ৰীত দুৰ্ঘটনাত কংগ্ৰেছ নেতাৰ মৃত্যু

0 345

ডিজিটেল ডেস্কঃ লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ২০১৯ চনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অনিল বৰগোহাঁইৰ এক পথ দুৰ্ঘটনাত মৃত্যু। গুৱাহাটীৰ সমীপৰ সোণাপুৰত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় কংগ্ৰেছ নেতা গৰাকীৰ। গুৱাহাটীৰ পৰা নিজ গৃহ ধেমাজিলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটি।

সংকটজনক অৱস্থাত বৰগোহাঁইক GMCHলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য় যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি পৰাভূত হৈছিল তেওঁ। ইহ সংসাৰত পত্নী, দুই পুত্ৰ, এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে অনিল বৰগোহাঁইয়ে। মৃত্যুৰ সময়ত বৰগোহাঁইৰ বয়স আছিল ৫৩ বছৰ।

Leave A Reply

Your email address will not be published.