danewsplus.com
danewsplus.com

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পুনৰ জিলিকি উঠিল অসমৰ দুগৰাকী খেলুৱৈ

0 115

ডিজিটেল ডেস্কঃ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা SOUTH ASIAN FEDERATION OF ALL SPORTS ত জিলিকিল অসমৰ খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিটাকৈ সোণৰ পদক লাভ কৰি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিলে ঢেকিয়াজুলিৰ অভিষেক গুহ আৰু পিংকু নাথে।

উল্লেখযোগ্য যে, নেপালৰ কাঠমাণ্ডুত যোৱা ১১, ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ খেলুৱৈ দুগৰাকীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ উশ্বু চাণ্ডা আৰু টাইচি প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে অভিষেক গুহে ৷ অভিষেকে ১০০ কেজি ওজন শাখাত বাংলাদেশ,পাঞ্জাৱ আৰু নেপালক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ৷

একেদৰে শিঙৰীৰ পিংকু নাথে কুংফু প্ৰতিযোগিতাৰ ৭০ কেজিৰ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁ বাংলাদেশ,নেপাল আৰু ম্যানমাৰক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ঢেকিয়াজুলিৰ দুই খেলুৱৈ অভিষেক গুহ আৰু পিংকু নাথক আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবত ৰামসেনাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Leave A Reply

Your email address will not be published.