danewsplus.com
danewsplus.com

বাংলাদেশত ৩ বছৰীয়া বন্দিত্বৰ অৱসান ঘটাই স্বগৃহত মুকুল হাজৰিকা

0 346

ডিজিটেল ডেস্কঃ প্ৰায় ৩ বছৰতকৈ অধিককাল বাংলাদেশত বন্দিত্বৰ জীৱন কটাই ভাৰতত ভৰি দিলে মঙলদৈৰ মুকুল হাজৰিকাই ৷ সোমবাৰে বাংলাদেশে ভাৰতলৈ প্ৰত্যৰ্পণ কৰিলে হাজৰিকাক ৷ ২০১৭ৰ ফেব্ৰুৱাৰীত সন্ধানহীন হোৱা মুকুল হাজৰিকাৰ প্ৰায় দুটা বছৰৰ পিছত সন্ধান ওলাইছিল বাংলাদেশত ৷ ঢাকাস্থিত ভাৰতীয় উপ-উচ্চায়ুক্তৰ এখন পত্ৰত পোহৰলৈ আহিছিল মুকুল বাংলাদেশত বন্দী হৈ থকাৰ কথা ৷ মুকুলৰ তথ্য উপ-উচ্চায়ুক্তই পত্ৰযোগে জনায় ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবক ৷ কিন্তু চৰকাৰৰ ফালৰ পৰা তাৎক্ষণিকভাৱে পদক্ষেপ নোলোৱা বাবে বন্দিত্বৰ ম্যাদ ওকলাৰ পিছতো বাংলাদেশত কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হয় মুকুল ৷

দীৰ্ঘ বিৰতিৰ মূৰত শেহতীয়াকৈ দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ মুকুলৰ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ আৰু অৱশেষত সোমবাৰে পুৱা ১০.৩০ বজাত ত্ৰিপুৰাৰ বালিতৰি নিৰীক্ষণ চকীত BGBয়ে মুকুলক চমজাই দিয়ে অসম আৰক্ষীক ৷

পেছাত ৰিক্সাচালক মুকুল আনদিনাৰ দৰে ২০১৭ৰ ফেব্ৰুৱাৰীত ডাহি জনাৰাম চৌকালৈ ৰিক্সা চলাই গৈ থকা অৱস্থাৰে পৰা সন্ধানহীন হৈ পৰিছিল ৷ সুদীৰ্ঘ প্ৰায় চাৰি বছৰে সন্ধানহীনতা, বাংলাদেশত গ্ৰেপ্তাৰ আৰু কাৰাবন্দীত্বৰ আঁৰত কি ৰহস্য় লুকাই আছে সেয়া জানিবলৈ অসম আৰক্ষীয়ে সোধা-পোছা কৰিব মুকুলক ৷

Leave A Reply

Your email address will not be published.