danewsplus.com
danewsplus.com

ৰাজ্যৰ চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ত ১০০ কোটিৰ কেলেংকাৰী

0 394

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ কেলেংকাৰীৰ খবৰ। চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ত ১০০ কোটিৰ কেলেংকাৰীৰ খবৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে, আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ সংগঠনটোৱে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। ৰাজ্যৰ মুখ্য সচিবক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। লগতে, তিনিমাহৰ ভিতৰত তদন্ত সম্পূর্ণ কৰাৰ নিৰ্দেশ আৰু দোষী বিষয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে, ছাত্ৰ জলপানি প্ৰদানৰ নামত ১৯ কোটি টকা আত্মসাতৰ লগতে নিবনুৱাক টাটা চুম’ প্ৰদানৰ নামত ১.৩৬ কোটি টকা আত্মসাৎ কৰে সঞ্চালকালয়ে। একেখন গাড়ীকে নাম্বাৰ প্লেট সলনি কৰি বহু যুৱকক গাড়ী প্ৰদান কৰা দেখুৱাইছিল দোষী বিষয়াই।

ইফালে, পাৱাৰটিলাৰ ছাবছিদিৰ নামতো একেই কেলেংকাৰী। প্ৰায় দুই কোটি টকা পাৱাৰ টিলাৰ প্ৰদানৰ নামত আত্মসাৎ কৰে সঞ্চালকালয়ে।

Leave A Reply

Your email address will not be published.