danewsplus.com
danewsplus.com

গোলাঘাটৰ কমাৰবন্ধা আঠাবাৰী গাঁওত পুৱাৰে পৰা আতংক

0 146

ডিজিটেল ডেস্কঃ গোলাঘাটৰ কমাৰবন্ধা আঠাবাৰী গাঁওত পুৱাৰে পৰা আতংক ৷ কমাৰবন্ধা আঠাবাৰীৰ ঘাইপথৰ সমীপত হঠাৎ গেছ পাইপ লিক হৈ গেছ নিৰ্গত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্যলৰ সৃষ্টি কৰিছে ৷ পুৱা হঠাৎ গেছ পাইপৰ পৰা গেছ নিৰ্গত হোৱা প্ৰতক্ষ্য় কৰে গাঁওবাসীয়ে। লগে লগে খবৰ দিয়া হয় আৰক্ষীক। তাৰ পিছত ঘটনাস্থলীত গোলাঘাটৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লয় ৷

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন চাহ বাগিচালৈ এই পাইপ লাইনৰ যোগেদি গেছ নিয়া হয়। আৰু তাৰপৰাই বাগিচাসমূহৰ বাবে এই গেছ ব্যৱহাৰ কৰা হয় ৷ অৱশ্য়ে বৰ্তমান অঞ্চলটোত অগ্নি নিৰ্বাপক বাহিনী আৰু গেছ কোম্পানীৰ বিভাগীয় কৰ্মচাৰী উপস্থিত হৈ গেছ নিৰ্গত স্থান বন্ধ কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া মুঠতে গেছ নিৰ্গত হোৱাৰ পিছৰ পৰাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

Leave A Reply

Your email address will not be published.