danewsplus.com
danewsplus.com

নলবাৰী মুকালমুৱাত জব্দ চোৰাং নীলা তেল

0 174

ডিজিটেল ডেস্কঃ নলবাৰী মুকালমুৱাত চোৰাং নীলা তেল জব্দ কৰিছে আৰক্ষীয়ে। উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্ত আৰু দৌলাশাল পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিচিত্ৰ কলিতাৰ নেতৃত্বত জব্দ কৰা হৈছে এই চোৰাং নীলা তেলখিনি। নিশা আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ তেল।

২৪২০লিটাৰ চোৰাং তেল মজুত কৰি ৰাখিছিল ঘোগা বদনী অখিয়াৰ নেকিব আলী নামৰ এজন লোকে।
সম্প্ৰতি পালতক হৈ আছে নেকিব আলী।

উল্লেখ্য় যে, আৰক্ষীয়ে অবৈধ তেলখিনি জব্দ কৰি নিশাৰ ভিতৰতে আদাবাৰী পহৰা আৰক্ষী চকীলৈ লৈ আহে। লগতে
নেকিবৰ সন্ধানত আৰক্ষীয়ে এতিয়াও অব্যাহত ৰাখিছে অভিযান।

Leave A Reply

Your email address will not be published.