danewsplus.com
danewsplus.com

চাঞ্চল্যকৰ! নিশা বিছনাৰ পৰাই চুৰি হ’ল পানী কেঁচুৱা

0 162

ডিজিটেল ডেক্সঃ বঙাইগাঁও জিলাৰ বিদ্যাপুৰত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিশা বিছনাৰ পৰাই পানী কেঁচুৱা এটাক চুৰ কৰি নিলে কোনোবা দুৰ্বৃত্তই। ঘটনাটো সংঘটিত হৈছে বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত।

উল্লেখ্য যে, মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হ’ল পানী কেঁচুৱাটো। নানকাৰগাঁৱৰ সুত্ৰধৰৰ ১৮ দিনীয়া সন্তানক নিশা চুৰ কৰে কোনোবা দুৰ্বৃত্তই।

ইপিনে, ঘৰৰ দৰ্জা বন্ধ থকাৰ পিছতো কোনে কেনেকৈ ঘৰৰ ভিতৰত সোমাই পানী কেঁচুৱাটিক চুৰ কৰি লৈ গ’ল সেয়া এক সাঁথৰ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত বিদ্যাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

Leave A Reply

Your email address will not be published.