danewsplus.com
danewsplus.com

বৰঝাৰ বিমান বন্দৰৰ পিছত আডানি গ্ৰুপৰ চকু চুবুৰীয়া লোকৰ ভূমিত

0 347

ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কৈটাসিদ্ধি আৰু ৰাইবড়ী গাঁৱত আতংকৰ সৃষ্টি হৈছে। দুইখন গাঁৱৰ ৫৪ ঘৰ মানুহৰ মুঠ ৫৫ বিঘা, ২ কঠা, ৩.৫০ লেচা মাটি “লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ” ৰ বাবে আৱশ্যক হোৱা বুলি এটা খবৰ ওলোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

পট্টাদাৰৰ নামযুক্ত তালিকা এখন প্ৰস্তুত কৰি উক্ত গাঁৱৰ লাট গাঁওবুঢ়াৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াই পট্টাদাৰলৈ পঠিয়াইছে। মঙলবাৰে হঠাৎ কাগজ দেখি ৰাইজ হতচকিত হৈ পৰে। লগে লগে ৰাইজে কৈটাসিদ্ধি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত ভূমি সুৰক্ষা সমিতিৰ সভাপতি গৌৰিকান্ত নাথৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰে।

সমিতিৰ সদস্যসকলে ভাষণ দি বিমান বন্দৰক কোনোপধ্যে ঘৰ-মাটি অধিগ্ৰহণ কৰিব দিয়া নহ’ব বুলি হুংকাৰ দিয়ে। উল্লেখ্য যে, ১৯৬২ চনৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজে বহু মাটি বিমান বন্দৰৰ নামত এৰি দি আহিবলগীয়াত পৰিছে। প্ৰথমে ৩৬৮ একৰ, দ্বিতীয়তে ২৮ একৰ, তৃতীয়তে ৭০ একৰ, চতুৰ্থতে কিছু মাটি অবৈধভাৱে অধিগ্ৰহণ কৰাৰো অভিযোগ আছে।

ইফালে, ২০১৮ চনৰ ৩ অক্টোবৰত কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্তৰ সভাকক্ষত হোৱা সভাত ঘৰ-মাটি অধিগ্ৰহণ কৰা নহয় বুলি আশ্বাস দিছিল। কেৱল পট্টাদাৰৰ ঘৰৰ বাৰীৰ গছ-গছনিবোৰহে কটা হ’ব। সেই সিদ্ধান্তত ৰাইজ আশ্বস্ত হৈছিল আৰু সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি গছ-গছনি কাটি তহিলং কৰিলে।

ইপিনে, নতুনকৈ মাটি অধিগ্ৰহণৰ প্ৰশ্ন কিয় আহি পৰিল তাক লৈ ৰাইজ আজি অতি হতভম্ব হৈ পৰিছে। গতিকে, ঘৰ-মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে ৰাইজ, ভূমি অধিকাৰ সংগ্ৰাম সমিতি,দক্ষিণ কামৰূপ সচেতন মঞ্চই চৰকাৰৰ ওচৰত দাবী জনাইছে।

Leave A Reply

Your email address will not be published.