danewsplus.com
danewsplus.com

KBCত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 276

ডিজিটেল ডেস্ক: এতিয়া কেৱল অসমৰে মামা হৈ থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ বাহিৰতো এতিয়া বহু লোকৰ মুখত মামাৰ নাম। শেহতীয়াকৈ চনি টিভিৰ জনপ্ৰিয় ‘শ্ব’ কৌন বনেগা ক’ৰৰ পতিত চৰ্চিত হৈছে অসমৰ মামাৰ নাম।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰশ্ন কৰে KBCত। প্ৰশ্নত সোধা হয় অসমত অন্য কি নামেৰে সম্বোধন কৰা হয় মুখ্যমন্ত্ৰীগৰাকীক।

তেজপুৰৰ শিক্ষক তুষাৰ ভৰদ্বাজলৈ এই প্ৰশ্ন কৰে অমিতাভ বচ্চনে। ১০,০০০ টকাৰ বাবে এই প্ৰশ্নতো সোধা হৈছিল ‘শ্ব’টোত। প্ৰতিযোগিৰ সুবিধাৰ বাবে দিয়া হৈছিল ৪ টা বিকল্প। বিকল্পকেইটা আছিল ক্ৰমে চাচা, মামা, কাকা, তাউ। KBC ত অমিতাভ বচ্চনে সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ সক্ষম হ’ল তেজপুৰৰ শিক্ষক তুষাৰ ভৰদ্বাজে। অৱশেষত ভৰদ্বাজে শুদ্ধ উত্তৰ দি লাভ কৰিবলৈ সক্ষম হ’ল ১০,০০০ টকা।

Leave A Reply

Your email address will not be published.