danewsplus.com
danewsplus.com

ভেঞ্চাৰ শিক্ষকৰ ঘৰে ঘৰে গৈ ব্য়তিক্ৰমী ৰূপত শিক্ষক দিৱস উদযাপন

0 170

ডিজিটেল ডেস্কঃ পবিত্ৰ শিক্ষক দিৱস উপলক্ষে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ। ভেঞ্চাৰ শিক্ষকৰ ঘৰে ঘৰে গৈ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষক দিৱস উদযাপন ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই বৰক্ষেত্ৰীৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ ঘৰে ঘৰে গৈ জ্ঞানৰ পুজাৰী শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনায় ৷

বছৰ,বছৰ ধৰি বিনাবেতনে বৰক্ষেত্ৰীৰ বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি মানৱ সম্পদ সৃষ্টি কৰাত ব্ৰতী থকা শিক্ষক সকলক সম্বৰ্ধনা জনায় বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই। ফুলাম গামোছা, কলম আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য় সকলে শিক্ষক সকলৰ চৰণ চুই আশীৰ্বাদ লোৱা দেখা যায় ৷

তদুপৰি বৰক্ষেত্ৰীৰ কেবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৃতি শিক্ষক ফুলাম গামোছা,মানপত্ৰ,কলম ইত্যাদি প্ৰদান কৰি ব্যতিক্ৰমভাৱে উদযাপন কৰে শিক্ষক দিৱস ৷

Leave A Reply

Your email address will not be published.