danewsplus.com
danewsplus.com

ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্য়াকাৰী ৰিণ্টু শৰ্মাক আৰক্ষীৰ গুলী

0 140

ডিজিটেল ডেস্কঃ ধেমাজি মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক আৰক্ষীৰ গুলী।
শনিবাৰে মাজনিশা ধেমাজি আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে হত্যাকাৰী ৰিণ্টুক ৷

উল্লেখ্য় যে, ধেমাজি আৰক্ষীয়ে দুদিনৰ বাবে হত্যাকাৰী ৰিণ্টু শৰ্মাক অসম কপোঁৱা ঘটনাটোৰ বিশেষ তদন্তৰ বাবে নিজৰ জিম্মাত লৈছিল।

শনিবাৰে মাজনিশা ৰিণ্টু শৰ্মাক শাৰীৰিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি থকাৰ অৱস্হাত হঠাৎ হত্যাকাৰীজন পলাবলৈ চেষ্টা কৰে ৷ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীবিদ্ধ কৰে হত্য়াকাৰী ৰিণ্টু শৰ্মাক ৷ পিছত আহত ৰিণ্টু শৰ্মাক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই অসম চিকিৎসা মহাবিদ্যালয়লৈ শক্তিশালী নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হয় ৷

ঘাতক ৰিণ্টু শৰ্মাৰ এই পলায়নৰ ঘটনাই ধেমাজিত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

Leave A Reply

Your email address will not be published.