danewsplus.com
danewsplus.com

আফগানিস্তানত চৰকাৰ গঠনৰ বাবে সম্পূৰ্ণ সাজু হৈছে তালিবান

0 282

ডিজিটেল ডেস্কঃ আফগানিস্তানত চৰকাৰ গঠনৰ বাবে সাজু হৈছে তালিবান। চৰকাৰ কেতিয়া গঠন হ’ব সেয়া নিশ্চিত নহ’লেও নতুন চৰকাৰৰ নেতা কোন হ’ব সেয়া স্পষ্ট হৈছে। তালিবানৰ মূৰব্বী শ্বেইখ হাইবাতুল্লা আখুনদাজাই হ’ব ইছলামিক এমিৰেটছ অৱ আফগানিস্তানৰ ৰাষ্ট্ৰৰ মুৰব্বী।

উল্লেখ্য যে, ২০১৬ চনত আমেৰিকাৰ ড্ৰোণ আক্ৰমণত তালিবানৰ মূৰব্বী আখতাৰ মনছুৰ নিহত হৈছিল। তাৰ পিছত সন্ত্ৰাসবাদী সংগঠনটোৰ নেতৃত্ব লৈছিল হাইবাতুল্লা আখুনদাজাই। কান্দহাৰৰ নিকটৱৰ্তী জিলা পাঞ্জৱাইত জন্ম গ্ৰহণ কৰিছিল আখুনদাজাই।

একাংশ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, তালিবান আৰু অন্যান্য আফগান নেতাসকলে আখুন্দজাদাৰ নেতৃত্বত এখন নতুন চৰকাৰ আৰু কেবিনেট গঠনৰ ক্ষেত্ৰত এক সিদ্ধান্তত উপনীত হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে এয়া স্পষ্ট কৰিছে তালিবানৰ এজন সদস্যই।

Leave A Reply

Your email address will not be published.