danewsplus.com
danewsplus.com

দুৰ্ঘটনাত থিতাতে নিহত বিধায়কৰ পুত্ৰ-বোৱাৰীসহ ৭ গৰাকী লোক

0 316

ডিজিটেল ডেস্কঃ এটা ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত হ’ল এজন বিধায়কৰ পুত্ৰ-বোৱাৰীসহ ৭গৰাকী লোক৷ ভাঙি চূৰমাৰ হ’ল গাড়ীখন৷ বেংগালুৰুৰ এটা অঞ্চলত পুৱতিনিশা ঘটিল এই ঘটনা৷ এখন অডি-কিউ থ্ৰী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰি ছিটিকি পৰিল দেৱালত৷

এই গাড়ীখনত আছিল তামিলনাডুৰ হছুৰ সমষ্টিৰ DMK বিধায়কজনৰ পুত্ৰ-বোৱাৰী, আত্মীয়সহ ৭গৰাকী লোক৷ এওঁলোকৰ ৬জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ আন এজনৰ মৃত্যু ঘটে চিকিৎসালয়লৈ নিয়াৰ পথত৷ ভাঙি চূৰমাৰ হয় গাড়ীখন৷ এয়াৰবেগসমূহ খোল নোখোৱাৰ বাবে যাত্ৰীসকলৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷

Leave A Reply

Your email address will not be published.