danewsplus.com
danewsplus.com

জঁট লাগিল মহাজোঁটত, তলা-চাবিৰে সম্পৰ্ক ছেদ ‘হাত’ৰ

0 151

ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা মহাজোঁট অৱশেষত ভংগ হ’ল। ৪ ঘণ্টাৰ বৈঠকৰ অন্তত কংগ্ৰেছ নেতৃত্বই সংবাদমেল সম্বোধন কৰি এআইইউডিএফৰ সৈতে মহাজোঁট ভংগ কৰাৰ কথা সদৰি কৰিছে।

APCCৰ সভাপতি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰি নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত কেতবোৰ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। তেখেতে লগতে কয় যে, উপ-নিৰ্বাচনৰ বাবে ৮ সদস্যৰে সমিতি গঠন কৰাও হৈছে।

ৰাজ্যৰ সমস্যাসমূহ সমাধান নহ’লে ব্যাপক গণ আন্দোলনৰ পোষকতা বৰাৰ। সীমা সমস্যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ।

তেখেতে কয় যে, ”মুখ্যমন্ত্ৰীৰ অপৰিপক্ক চিন্তা-চৰ্চাৰ বাবে সীমা সমস্যা জটিল হৈছে। বানাক্ৰান্তৰ কাষ চৰকাৰ ঠিয় হোৱা নাই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত উদাসীন চৰকাৰ।”

তেখেতে লগতে কয়, ”অসমৰ বৰা দিল্লীলৈ এই দাবী লৈ যাব কংগ্ৰেছে। আইন শৃংখলা নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ। ৰাজনৈতিক স্বাৰ্থ বাদ দি আইন শৃংখলাত গুৰুত্ব দিয়ক।”

Leave A Reply

Your email address will not be published.