danewsplus.com
danewsplus.com

দেশত কৰনাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ আশংকা, কেৰেলাত সম্পূৰ্ণ লকডাউনৰ পৰামৰ্শ স্বাস্থ্য বিষয়াৰ

0 440

ডিজিটেল ডেক্সঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰনাৰ সংক্ৰমণ। অহা অক্টোবৰ মাহলৈ দেশত ক’ভিড পৰিস্থিতি উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। লগতে চেপ্তেম্বৰ মাহত তৃতীয় ঢৌ আৰম্ভ হ’ব বুলি সতৰ্কবাণী দিছে নীতি আয়োগে।

উল্লেখ্য যে, কেৰেলাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ পৰামৰ্শ প্ৰদান কৰিছে স্বাস্হ্য বিষয়াই। লগতে কেৰেলাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ লকডাউনৰ বাহিৰে আন কোনো বিকল্প নাই বুলিও মন্তব্য স্বাস্থ্য বিষয়াৰ । বৰ্তমান সময়ত কেৰেলাত ১৯ শতাংশলৈ বৃদ্ধি পাইছে কৰোণা পজিটিভিটিৰ হাৰ ।

ইপিনে, তৃতীয় ঢৌৰ আতংকৰ মাজতে উত্তৰ প্ৰদেশত ২৬ টা শিশুৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৰোগীৰ বিচনা আৰু সম্ভাব্য তৃতীয় ঢৌৰ বাবে মহাৰাষ্ট্ৰত সাজু কৰা হৈছে ৩০,০০০ বিচনাযুক্ত চিকিৎসালয়। চেম্বাৰ আৰু মহালক্ষ্মীত স্থাপন কৰা হ’ব অক্সিজেন ৰিলিফিং প্ৰকল্প ।

Leave A Reply

Your email address will not be published.